Skip to content

সমষ্টি পুনৰ নিৰ্ধাৰণত কৰিমগঞ্জই SC মৰ্যাদা হেৰুওৱাৰ আশংকা ! বৰাকৰ বিজেপি নেতাই ক’লে সকলো নিৰ্ভৰ কৰিব কেমেষ্ট্ৰীৰ ওপৰত …

সমষ্টি পুনৰ নিৰ্ধাৰণত কৰিমগঞ্জই SC মৰ্যাদা হেৰুওৱাৰ আশংকা ! বৰাকৰ বিজেপি নেতাই ক'লে সকলো নিৰ্ভৰ কৰিব কেমেষ্ট্ৰীৰ ওপৰত ...

ৰাজনীতিত ৰসায়ন ৷ কেমেষ্ট্ৰীৰ ওপৰত নিৰ্ভৰ কৰিছে এতিয়া বৰাকৰ ৰাজনীতি ৷ এফালে বিজেপিয়ে সংখ্যালঘুৰ ভোট কংগ্ৰেছ-AIUDFৰ ৰাজনৈতিক কেঁচামাল বুলি আখ্যা দিছে আৰু আনফালে সেই সংখ্যালঘুৰ ভোটেই বৰাকত বিজেপিৰ পক্ষ ল’ব বুলিও দাবী কৰিছে ৷ ইয়াৰ বাবেই বৰাকৰ বিজেপি নেতাই কৈছে সকলো নিৰ্ভৰ কৰিব কেমেষ্ট্ৰীৰ ওপৰত ৷

সমষ্টি পুনৰ নিৰ্ধাৰণত কৰিমগঞ্জই হেৰুৱাব SCৰ মৰ্যাদা যাক লৈ বাৰুকৈয়ে শংকিত হৈছে এতিয়া গেৰুৱা দলটোৰ এজন সাংসদ ৷ কৰিমগঞ্জৰ সাংসদ কৃপানাথ মাল্লা ৷ কৰিমগঞ্জ সংসদীয় সমষ্টিটো ১৯৯১, ১৯৯৬ত বিজেপিৰ দখলত থকাৰ পিছত পুনৰ দীৰ্ঘ সময়ৰ বাবে কংগ্ৰেছৰ হাতলৈ গৈছিল ৷ ২০১৯ত AIUDFৰ হাতৰ পৰা বিজেপিলৈ আহিছিল কৰিমগঞ্জ সমষ্টি ৷ সমষ্টি পুনৰ নিৰ্ধাৰণত কৰিমগঞ্জই SC মৰ্যাদা হেৰুওৱাৰ আশংকা ৷ সংৰক্ষণৰ আওতাৰ পৰা আঁতৰিলেই  সমষ্টিটো নিজৰ হাতৰ পৰা গুছি যাব বুলি শংকিত হৈছে গেৰুৱা শিবিৰ ৷ কিন্তু কিয়,কাৰণ সমষ্টিটোৰ জনগাঠনি ৷  কৰিমগঞ্জত মুঠ ভোটাৰ ১৩ লাখ ১৫ হাজাৰ ২৯২গৰাকী ৷ ইয়াৰে সংখ্যালঘু ভোটাৰ ৭ লাখ ৬ হাজাৰ ২৪৮ ৷ অৰ্থাৎ হিন্দু ভোটাৰৰ সংখ্যা সমষ্টিটোত মুছলমান ভোটতকৈ ১লাখ কম ৷ সমষ্টিটোত ২০১৯ত বিজেপিয়ে পাইছিল ৪,৭১,৯৪৬টা ভোট ৷ AIUDFএ পাইছিল ৪,৩৪,৫১৯টা ভোট ৷ কংগ্ৰেছে পাইছিল ১,২০,২৯৩টা ভোট ৷ এই পৰিসংখ্যাতে স্পষ্ট, সমষ্টিটোত বিজেপিতকৈ বিৰোধী কংগ্ৰেছ-AIUDFৰ ভোট অধিক ৷ এই খিনিতে বিজেপিৰ বাবে চিন্তনীয় দিশ হ’ল কৰিমগঞ্জত জয়-পৰাজয় নিৰ্ণয় কৰে সংখ্যালঘু ভোটাৰে ৷ “সমষ্টিটোৰ জয় পৰাজয় সংখ্যালঘু ভোটাৰৰ ওপৰত ৷ মই আগৰবাৰ ৫০হাজাৰ মুছলমান লোকৰ ভোট পাইছিলোঁ ৷ এইবাৰ ১লাখ মান পাম ৷ সংখ্যালঘু লোক মোৰ লগত আছে ৷”—কৃপানাথ মাল্লাৰ দাবী। বিজেপি সাংসদ কৃপানাথ মাল্লাই সংখ্যালঘুৰ ভোট পাম বুলি দাবী কৰিলেও বিজেপিয়ে দেখুওৱা মাজে মাজে অতি হিন্দুত্ববাদী চৰিত্ৰ আৰু মাজে মাজে সংখ্যালঘু তুষ্টিকৰণৰ ৰাজনীতিয়ে সমানেই বিভ্ৰান্ত কৰিছে সংখ্যাগুৰু-সংখ্যালঘু ভোটাৰক ৷ ইয়াৰ মাজতে সমষ্টিটোৰ পৰা SC মৰ্যাদা গ’লে শিলচৰ সমষ্টিক বিকল্প হিচাপে ৰাখিছে কৃপানাথ মাল্লাই ৷ “কেমেষ্ট্ৰী চাব লাগিব ৷ কেমেষ্ট্ৰীৰ ওপৰতে সকলো ৷ মই সেয়ে পুনৰ নিৰ্ধাৰণৰ কথা ইমানকৈ ভৱা নাই ৷ যি হয় দেখা যাব ৷ মই বিশ্বাস কৰোঁ কেমেষ্ট্ৰীৰ ওপৰত ৷”—কৃপানাথ মাল্লা আনহাতে এই সংখ্যালঘু ৰাইজৰ ভোটৰ ওপৰত শেহতীয়াকৈ অধিক দৃষ্টি দিয়া বিজেপি নেতা মমিনুল আৱালে ক’লে, “একাংশ সংখ্যালঘু ভোটাৰ কংগ্ৰেছ-AIUDFৰ ৰাজনীতিৰ কেঁচামাল ৷ সংখ্যালঘুৰ ওপৰত ৰাজনীতিৰ ৰুটি বেলিছে কংগ্ৰেছ-AIUDFএ ৷ বদৰুদ্দিন আজমল সংখ্যালঘুৰ শত্ৰু ৷”

অৰ্থাৎ, বিজেপিৰ এতিয়া কেমেষ্ট্ৰী নিৰ্ভৰ কৰিছে সমষ্টি পুনৰ নিৰ্ধাৰণৰ ওপৰত ৷ সমানে সমানে সংখ্যালঘুৰ ভোটো সোমাই আছে কৰিমগঞ্জৰ দৰে লোকসভা সমষ্টিৰ ৰাজনৈতিক কেমেষ্ট্ৰীত ৷ যাৰ বাবে সাংসদৰ মুখত বাৰম্বাৰ ওলাইছে কেমেষ্ট্ৰীৰে কথা ৷

Published by: Kokil Sarma

FIRST PUBLISHED : May 15, 2023, 20:11 IST

অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।

বার্তা সূত্র