Skip to content

ধিঙত কংগ্ৰেছ নেতাৰ ৰাজহুৱা ঘোষণা: নগাঁৱৰ পৰাই সাংসদ হ’ব গৌৰৱ গগৈ

ধিঙত কংগ্ৰেছ নেতাৰ ৰাজহুৱা ঘোষণা: নগাঁৱৰ পৰাই সাংসদ হ’ব গৌৰৱ গগৈ

ধিঙত গৌৰৱ গগৈৰ নিৰ্বাচনী প্ৰচাৰ

নগাঁও, 21 ফেব্ৰুৱাৰী: নগাঁও লোকসভা সমষ্টিৰ প্ৰাৰ্থিত্বক লৈ কংগ্ৰেছৰ বিশেষকৈ দুই নেতা প্ৰদ্যুৎ বৰদলৈ আৰু গৌৰৱ গগৈৰ মাজত এখন শীতল যুজঁ চলি থকাৰ মাজতে বুধবাৰে ধিঙৰ এক ৰাজহুৱা সভাত এগৰাকী কংগ্ৰেছ নেতাই কৰা এটা মন্তব্যই বহন কৰিছে বিশেষ তাৎপৰ্য । নগাঁও লোকসভা সমষ্টিৰ প্ৰাৰ্থী কোন হ’ব সেয়া এই মুহূৰ্তলৈকে কংগ্ৰেছ নেতৃত্বই নিশ্চিত কৰা নাই যদিও নগাঁৱৰ ধিং সমষ্টিৰ এগৰাকী কংগ্ৰেছ নেতাই গৌৰৱ গগৈৰ সন্মুখতেই কৰিলে এক ৰাজহুৱা ঘোষণা ।

  • ” class=”align-text-top noRightClick twitterSection” data=”

    “>

নগাঁও লোকসভা সমষ্টিৰ পৰাই গৌৰৱ গগৈয়ে নিৰ্বাচন খেলিব লাগিব আৰু জয়ী কৰোৱা হ’ব বুলি মন্তব্য কৰিলে ধিং সমষ্টিৰ পৰা পূৰ্বে নিৰ্বাচনত অৱতীৰ্ণ হৈ পৰাজয়বৰণ কৰা নেতা আনোৱাৰ হুছেইনে । যি ঘোষণা হয়তো পৰৱৰ্তী সময়ত নগাঁৱৰ ৰাজনীতিতেই নহয়, অসমৰ ৰাজনীতিত লাভ কৰিব বিশেষ চর্চা ।

উল্লেখযোগ্য যে, নগাঁও লোকসভা সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব বিচৰা নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে দিল্লীৰ দলীয় হাইকমাণ্ডৰ কাষ চপাৰ সময়ত নগাঁও লোকসভা সমষ্টিৰ সংখ্যালঘু অধ্যুষিত এলেকাত দলীয় প্ৰচাৰত ব্যস্ত পূৰ্বৰ কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গৌৰৱ গগৈ ।

বুধবাৰে ধিং সমষ্টিৰ এক দলীয় সভাত অংশগ্ৰহণ কৰি সংবাদ মাধ্যমৰ সন্মুখত কেবাটাও মন্তব্য কৰে সাংসদ গৌৰৱ গগৈয়ে । নগাঁও লোকসভা সমষ্টিৰ প্ৰাৰ্থিত্বৰ সন্দৰ্ভত সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত গৌৰৱ গগৈয়ে মন্তব্য কৰে৷ তেওঁ কয় যে অসমত পঞ্চায়তৰ কাৰ্যকাল শেষ হোৱাৰ পিচতো বিজেপিয়ে অনুষ্ঠিত কৰা নাই পঞ্চায়ত নিৰ্বাচন ৷ কংগ্ৰছ দলক সাগৰৰ সৈতে তুলনা কৰি গৌৰৱ গগৈয়ে মন্তব্য কৰে যে সাগৰৰ পৰা পানী উঠালেও যিদৰে সাগৰ শুকাই নাযায়, সেইদৰে কংগ্ৰেছ দলৰ পৰা দুই-এক নেতাই দলত্যাগ কৰিলেও কংগ্ৰেছৰ কোনো ক্ষতি কৰিব নোৱাৰে ৷

লগতে পঢ়ক: মুখ্যমন্ত্ৰীলৈ ৫ টা চৰ্ত নিলম্বিত বিধায়ক শ্বেৰমান আলীৰ

বার্তা সূত্র