ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ সভাপতি ভৱেশ কলিতাই আদৰণি ভাষণ প্ৰদান কৰি কয়- প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত সমগ্ৰ ভাৰতবৰ্ষৰ জনসাধাৰণৰ সৰ্বাংগীন উন্নতি হৈছে। কলিতাই কয় ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বধীন চৰকাৰখনে সফলতাৰ ৯ বছৰে সেৱা,সু শাসন আৰু গৰীব কল্যাণৰ লক্ষ্য আগত ৰাখি জনসাধাৰণক প্ৰগতিৰ দিশত আগবঢ়াই নিয়াৰ বাবে নিৰন্তৰে কাম কৰি গৈছে।দেশ আজি বিৰামহীন প্ৰগতিৰ দিশত দ্ৰুত গতিত আগবাঢ়িছে।
অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয়, ” বিগত নটা বছৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বলিষ্ঠ নেতৃত্বত সমগ্ৰ দেশত ব্যাপক উন্নয়ন সম্ভৱ হৈ উঠিছে। শৰ্মাই কয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিগত সময়খিনিত ভাৰতবৰ্ষক বিশ্বৰ আগশাৰীৰ ৰাষ্ট্ৰ হিচাপে নিৰ্মাণ কৰিবলৈ সৰ্বচেষ্টা অব্যাহত ৰাখিছে। নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশৰ বিভিন্ন প্ৰান্তৰ লগতে উত্তৰ পূৰ্বাঞ্চল তথা অসমে উন্নয়নৰ শিখৰত অৱস্থান কৰিছে। শৰ্মাই লগতে কয় যে পূৰ্বতে মুখ্যমন্ত্ৰী এজনৰ বাবে প্ৰধানমন্ত্ৰীৰ এজনৰ সৈতে সম্পৰ্ক ৰক্ষা কৰাটো কঠিন কাম আছিল। কিন্তু বৰ্তমানে মুখ্যমন্ত্ৰীয়ে সঘনাই প্ৰধানমন্ত্ৰীৰ লগত যোগাযোগ ৰক্ষা কৰিবলৈ সক্ষম। বিগত ৯ টা বছৰ উত্তৰ পূবৰ সকলো ৰাজ্যত ৰেল যোগাযোগৰ ব্যৱস্থা সূচল হৈছে, ব্যাপক হাৰত দলং নিৰ্মাণ হৈছে। আন্দোলন অবিহনেও উন্নয়ন সম্ভৱ হৈছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাবেই অসমৰ গামোচা, বিহু, ঐতিহ্যক্ষেত্ৰসমূহ বিশ্ব দৰবাৰত জিলিকি উঠিছে।”
সোমবাৰৰ অনুষ্ঠানত কেন্দ্ৰীয় ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে পি পি টিৰ মাধ্যমেৰে বিজেপি চৰকাৰৰ নবছৰীয়া সফল কৰ্মৰাজিৰ ওপৰত বক্তব্য আগবঢ়ায়। শ্ৰী বৈষ্ণৱে কয়, “প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত সমগ্ৰ ভাৰতত আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত সমগ্ৰ অসমত বিকাশৰ গতি তৰাম্বিত হৈ উঠিছে। জাপানৰ দৰে বিশ্বমানৰ হ’ব গুৱাহাটী ৰে’ল ষ্টেশ্যন ৷” ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক পুলক গোহাঁইয়ে আঁতধৰা আজিৰ অনুষ্ঠানত অসমৰ প্ৰতিষ্ঠিত সংবাদ গোষ্ঠীৰ স্বত্বাধিকাৰী, মুখ্য সম্পাদক, জ্যেষ্ঠ সাংবাদিক ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ, পেনেলিষ্ট, সংবাদ বিভাগৰ কাৰ্যকৰ্তাসকল উপস্থিত আছিল ৷
Published by: Kokil Sarma
FIRST PUBLISHED : May 29, 2023, 22:32 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।